September 20, 2024 1:09 PM | sukanta majumder guwahati

printer

কেন্দ্ৰীয় ড’নাৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰ এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত

কেন্দ্ৰীয় ড’নাৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰ আজি এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে। মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত চাংসাৰিত থকা ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান(নাইপাৰ)ত চেণ্ট্ৰেল এনিমেল ফেচিলিটী আৰু ইনভিট্রো ড্রাগ টেষ্টিং ফেচিলিটী মুকলি কৰে। বিয়লি চাৰে তিনি বজাত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ এটা ভৱন মুকলি কৰিব।