ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা-সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নির্দেশনাটোত উল্লেখ কৰিছে।
Assamese | July 3, 2024 1:06 PM | State open university
ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত