August 13, 2025 12:58 PM | state cancer hospital

printer

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰৰ মাচুল বৃদ্ধি

গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰত কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে জাননী অবিহনে হঠাৎ দহ গুণ পর্যন্ত চিকিৎসা মাচুল বৃদ্ধি কৰাত ৰোগী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বতে চিকিৎসা প্রতিষ্ঠানখনত পঞ্জীয়ন মাচুল এশ টকা আছিল যদিও বৰ্তমান এই মাচুল ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে জেনেৰেল বেডৰ ভাড়া ২০০ টকাৰ পৰা এহেজাৰ ৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। এজনীয়া কেবিনৰ ভাড়া ৩ হাজাৰ টকাৰ পৰা ৪ হাজাৰ ৫০০ টকালৈ, শ্বেয়াৰিং কেবিন ২ হাজাৰ টকাৰ পৰা ৩ হাজাৰ টকালৈ আৰু আই চি ইউৰ ভাড়া এহেজাৰ ৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তেজ পৰীক্ষাৰ মাচুল বাৰশ টকাৰ পৰা দুহেজাৰ ৪০০ টকালৈ আৰু চিটি স্কেনৰ মাচুল ৪ হেজাৰ ৫০০ টকাৰ পৰা ৬ হাজাৰ ৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পূৰ্বতে ৰোগীৰ বাবে কেম’ বিনামূলীয়া আছিল যদিও এতিয়াৰে পৰা ৮টাতকৈও অধিক ব্যয়বহুল বিনামূলীয়া কেম’ ৰোগীক দিয়া বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পৰিৱৰ্তে ৰোগীসকলে এই কেম’ নিজাববীয়াকৈ ক্ৰয় কৰিব লাগিব। আনহাতে চিকিৎসা প্রতিষ্ঠানখনত ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০ হাজাৰ টকা আগধন হিচাপে জমা দিব লাগিব। অৱশ্যে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই হঠাৎ চিকিৎসা মাচুল বৃদ্ধি কৰিবলগীয়া হোৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে।