উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ সচিব অমৰদীপ সিং ভাটিয়াই আজি কয় যে দেশত ষ্টার্টআপ খণ্ডৰ দ্ৰুত বিকাশ হৈছে। বিগত ৯ বছৰত বিভাগৰ অধীনত ১ কোটি ৫ লাখ ষ্টার্ট আপ পঞ্জীয়ন হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত সচিবগৰাকীয়ে কয় যে ২০১৬ চনত ষ্টাৰ্ট আপ নীতি থকা মাত্র ৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা এই সংখ্যা বর্তমান ৩১লৈ বৃদ্ধি পাইছে। দেশৰ ৭৭৯খন জিলাৰ টু-টায়াৰ আৰু থ্ৰী-টায়াৰ চহৰসমূহ ষ্টার্টআপৰ মূল মঞ্চ হৈ পৰিছে। বীজ পুঁজি আঁচনি, পুঁজিৰ পুঁজি আঁচনি আৰু ঋণ নিশ্চয়তা আঁচনিৰ আলোকপাত কৰি তেওঁ কয় যে এই আঁচনিসমূহৰ সফলতা অন্যান্য বিভাগৰ বাবে আৰ্হি হ’ব।
Assamese | January 10, 2025 9:09 PM | startup 9 years registration 1.5 core
দেশত ষ্টার্টআপ খণ্ডত বিগত ৯ বছৰত ১.৫ কোটি ষ্টার্ট আপ পঞ্জীয়ন