মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জয়ন্তী শ্ৰীলংকাৰ ৰাজধানী কলম্বোতো পালন কৰা হয়। মহাপুৰুষজনাৰ জয়ন্তীৰ লগত সংগতি ৰাখি কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত পৰিৱেশন কৰা হয়। স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ অধ্যাপক অংকুৰণ দত্তই এই অনুষ্ঠানৰ তদাৰক কৰে। কলম্বোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পালন কৰিবলৈ পাই অধ্যাপক অংকুৰণ দত্তই নিজকে গৌৰৱান্বিত বুলি কয়। উল্লেখযোগ্য যে কলম্বোত প্ৰথমবাৰৰ বাবে বিদেশী ভাষাত বৰগীত পৰিৱেশন কৰা বুলি শ্রী দত্তই প্রকাশ কৰে। সিংহলী ভাষালৈ মহাপুৰুষজনাৰ এটা বৰগীত অনুবাদ কৰি পৰিৱেশন কৰে।
Assamese | October 14, 2024 12:13 PM | Srimanta sankardev
কলম্বোত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জয়ন্তী পালন