জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পুৱা ৬ বজাত প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হ’ব। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ তৰফৰ পৰা জনোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী উপলক্ষে কাইলৈ ভাগৱত পাঠ, আয়তিৰ নাম পৰিবেশন, ধর্মালোচনী সভাৰ লগতে সন্ধিয়া বন্তি প্রজ্জ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইপিনে, সত্ৰপীঠ মাজুলীত আজিৰ পৰাই গুৰুজনাই ৫৭৬ সংখ্যক জন্মোৎসৱ অনুষ্ঠিত হৈছে। সত্ৰ আৰু নামঘৰ সমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভা সমূহৰ উদ্যোগত আজিৰেপৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী অনুষ্ঠিত হয়। উজনি মাজুলী শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধর্মালোচনী সভাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুদৈবিল বৰনামঘৰত গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হয়। আজি প্রথমদিনা পুৱা ঊষা কীৰ্তন, পৰিৱেশ নিকাকৰণৰ পাছত গছপুলি ৰোপন কৰা হয়। ইয়াৰ পাছতে ২১গৰাকী বিশিষ্ট ব্যক্তিয়ে ২১খন ধর্মধ্বজা উত্তোলন কৰে। লগতে বন্তি প্রজ্জ্বলন, চিত্রাংকন প্রতিযোগিতা আৰু দিহানাম প্রতিযোগিতা অনুষ্ঠিত হয়।
Assamese | October 11, 2024 7:34 PM | Srimanta sankardev
ৰাজ্যত কাইলৈ জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে আয়োজন