তীখা আৰু গধুৰ উদ্যোগৰ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্রীনিবাস বার্মাই ভাৰত বিশ্বৰ ভিতৰতে খাৰুৱা তীখাৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ বুলি প্ৰকাশ কৰিছে। মঙলবাৰে নতুন দিল্লীত ইণ্ডিয়া ষ্টীল ২০২৫ সন্মিলনৰ বিষয়ে মন্তব্য কৰি শ্ৰীবাৰ্মাই কয় যে যোৱা ১০ৰ পৰা ১২ বছৰত ভাৰতৰ তীখা উদ্যোগৰ দ্ৰুত গতিত বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে তীখা মন্ত্ৰালয়ে কাইলৈৰ পৰা মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সন্মিলন তথা প্ৰদৰ্শনীৰ জৰিয়তে ইণ্ডিয়া ষ্টীলত ষষ্ঠ সংস্কৰণৰ আয়োজন কৰিব। এই অনুষ্ঠানত তীখা আৰু সংশ্লিষ্ট উদ্যোগসমূহৰ সকলো অংশীদাৰ একত্ৰিত হ’ব বুলিও তেওঁ উল্লেখ কৰে।
Assamese | April 23, 2025 12:49 PM | Sri nibas barma
ভাৰত খাৰুৱা তীখাৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ বুলি প্ৰকাশ শ্রীনিবাস বার্মাৰ