শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। দিশানায়াকাই আজি শাসনাধিষ্ঠিত নেচনেল পিপ’ল্ছ পাৱাৰ দলৰ ২৯ গৰাকী সদস্যক উপ মন্ত্ৰী হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত দিশানায়কাই যোৱা সোমবাৰে ২১ গৰাকী মন্ত্ৰীক কেবিনেট মন্ত্ৰীৰূপে মন্ত্রীসভাত অন্তর্ভুক্ত কৰিছিল। প্ৰধানমন্ত্ৰীৰূপে দিশানায়কে পুনৰ নিযুক্তি দিয়া প্রধানমন্ত্ৰী হৰিণী অমৰাচুৰীয়াৰ লগতে সোমবাৰে শপতগ্ৰহণ কৰা আনসকলৰ ভিতৰত পূৰ্বৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বিজিতা হেৰথো আছে। শ্ৰীলংকাৰ সংবিধানত ৰাষ্ট্ৰপতি প্রধান মন্ত্রীসভাত সর্বাধিক ৩০ গৰাকী কেবিনেট আৰু ৪০ গৰাকী উপ-মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছে।
Assamese | November 22, 2024 5:58 PM | Sri lanka president
নেচনেল পিপ’ল্ছ পাৱাৰ দলৰ ২৯ গৰাকী সদস্যক উপ মন্ত্ৰী হিচাপে নিযুক্তি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ