চেন্নাইত অনুষ্ঠিত ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাৰ কালি দ্বিতীয় দিনা ভাৰতে ৯টা সোণৰ পদক অৰ্জন কৰে। অনিশাই মহিলাৰ দিছকাছ থ্রোত দেশৰ হৈ প্ৰথমটো সোণৰ পদক দখল কৰে। অনিশাই ৪৯. ৯-১ মিটাৰলৈ দিছকাছ থ্ৰো কৰি নতুন অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে ২০১৮ চনত এ বাজুৱাৰ ৪৮.৬-০ মিটাৰৰ অভিলেখ ভংগ কৰে। অমানত কাম্বোজে ৰূপৰ আৰু শ্ৰীলংকাৰ জে এইছ গৌৰাংগেনিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। নীৰু পাঠকে মহিলাৰ ৪০০ মিটাৰ শাখাত দেশৰ হৈ নৱমটো পদক অৰ্জন কৰে। আনহাতে পুৰুষৰ ১১০ মিটাৰ হার্ডেলছত শ্ৰীলংকাৰ ডব্লিউ পি ছানদুন কৌশালায় সোণৰ পদক লাভ কৰাৰ বিপতীৰে নয়ন প্ৰদীপ চাদেই ৰূপৰ পদক অৰ্জন কৰে।
Assamese | September 13, 2024 12:22 PM | south asian athelatics
ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাত ভাৰতৰ ৯টা সোণৰ পদক অৰ্জন