চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ ১৮৮ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্রী চিকিৎসা সাহায্য পুঁজিৰ অধীনত কালি আর্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত আয়োজিত এটা অনুষ্ঠানত এই চেকসমূহ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা বিজেপিৰ সভানেত্রী নিতুমণি প্ৰধানৰ লগতে আন বহু দলীয় নেতা-কর্মী আৰু স্থানীয় লোক উপস্থিত থাকে ।
Assamese | May 28, 2025 11:56 AM | sonari cheque distribution
চৰাইদেউৰ সোণাৰি বিধানসভা সমষ্টিৰ ১৮৮ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্রী চিকিৎসা সাহায্য পুঁজিৰ চেক বিতৰণ