কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৮ হাজাৰ ৮০০ কোটি টকাৰ দক্ষ ভাৰত কার্যসূচীত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে প্ৰয়োজন অনুসৰি দক্ষতাৰ বিকাশত গুৰুত্ব আৰোপ কৰিছে । শ্রীবৈষ্ণৱে লগতে চৰকাৰে চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ সময়সীমা ২০২৮ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰে।
Assamese | February 8, 2025 12:35 PM | Skill development
দক্ষ ভাৰত কার্যসূচীত ২০২৫-২৬ বৰ্ষলৈ ৮,৮০০ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ