অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ দ্বিবার্ষিক অধিৱেশন কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ ৰুদ্রসাগৰত থকা ড০ ভূপেন হাজৰিকা ৰংগমঞ্চত অনুষ্ঠিত এই অধিৱেশনত কালি পুৱা পতাকা উত্তোলনৰ পাছতে ছহিদ তর্পণ, সতীর্থ স্মৰণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আৰু সন্ধিয়ালৈ এখন মুকলি সভা অনুষ্ঠিত হয়। বিভিন্ন জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ নেতা-কর্মী উপস্থিত থকা মুকলি সভাখন যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে উদ্বোধন কবে। অধিৱেশনৰ দ্বিতীয় দিনা আজি প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব।
Assamese | January 19, 2025 1:09 PM | sivsagar ajycp
শিৱসাগৰৰ ৰুদ্ৰসাগৰত অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ দ্বিবার্ষিক অধিৱেশন