শিৱসাগৰ জিলা আয়ুক্তই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত লালিগুৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ আৰু পশু চিকিৎসা বিষয়াৰ পূৰ্বৰ অনুমতি সাপেক্ষে পশু খাদ্যৰ বাবে লালিগুৰ ক্ৰয় কৰিব পাৰিব। এই নিৰ্দেশনা অহা দুমাহলৈ বাহাল থাকিব। কোনো ব্যক্তিয়ে এই নির্দেশনা উলংঘা কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে।
Assamese | January 10, 2025 8:30 PM | sivasagar laligur ban dc
শিৱসাগৰত লালিগুৰ বিক্ৰীত নিষেধাজ্ঞা জিলা আয়ুক্তৰ