ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি ছিংগাপুৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীবৈষ্ণৱে কয় যে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থাই দেশৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পসমূহক সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ অংশীদাৰ হৈছে। শ্রীবৈষ্ণৱে লগতে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অভিযন্তা আৰু কাৰিকৰী দিশৰ লগত জড়িত লোকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিষয়া তথা ঔদ্যোগিক গোটসমূহৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ উপ-প্রধানমন্ত্ৰী আৰু বাণিজ্য তথা উদ্যোগ মন্ত্রী গান কিম য়ঙক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই উভয় দেশতে দ্বিপাক্ষিক সহযোগিতা বিশেষকৈ নতুন প্রযুক্তিৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে।
Assamese | November 21, 2025 9:20 PM | Aswini Baishnav
ছিংগাপুৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ বৈঠক