September 12, 2026 11:49 AM | silchar election

printer

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ১৫১গৰাকী প্রার্থীৰ মনোনয়ন পত্র দাখিল

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্রক্রিয়া কালি সমাপ্ত হয়। মুঠ ১৫১ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে।

শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪২ টা ৱাৰ্ডৰ বাবে সহকাৰী ৰিটার্নিং বিষয়াৰ তত্বাৱধানত মনোনয়ন পত্ৰসমূহ গ্ৰহণ কৰা হয়। অহা ১৪ ছেপ্তেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ১৭ ছেপ্তেম্বৰৰ বিয়লি ৩ বজালৈ প্ৰাৰ্থীসকলে প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব।