ছিকিমত যোৱা কিছুদিনত প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ হৈ পৰিছে। শেহতীয়াকৈ ছিকিম আৰক্ষী আৰু সীমান্ত পথ সংস্থাই যুটীয়াভাৱে অভিযান চলাই ৰাজ্যখনত আবদ্ধ হৈ থকা অসমৰ ছগৰাকী পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। পৰহি নিশা উত্তৰ ছিকিমৰ মংগন জিলাৰ লাছুঙৰ পৰা ১০ কিলোমিটাৰ দূৰৰ য়াক্ষে নামৰ অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু তুষাৰপাতৰ ফলত অসমৰ ছজনীয়া পৰ্যটকৰ দলটো আবদ্ধ হৈ পৰে। ইয়াৰ পাছতে ছিকিম আৰক্ষী আৰু বি আৰ অ’ই এই লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰি কালি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। প্রতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত ছিকিম প্রশাসনে পর্যটকসকলৰ প্ৰতি সতর্কতা জাৰি কৰিছে।
Assamese | December 31, 2024 1:31 PM | Sikkim
প্ৰচণ্ড তুষাৰপাতৰ ফলত ছিকিমৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ