ছিকিমৰ পায়ং জিলাৰ য়াকটেন গাঁৱত কালি দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাজ্যৰ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ কল্যাণ বিভাগৰ উপদেষ্টা তথা বিধায়ক পামিন লেপচাই এই গাঁও মুকলি কৰে। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে বহনক্ষম তথা দুর্গম অঞ্চলতো উন্নত ডিজিটেল ব্যৱস্থাৰ সুবিধা উপলব্ধ কৰোৱা, যাতে অঞ্চলটোৰ জনসাধাৰণ আৰু অস্থায়ীভাৱে থকা লোকসকলেও এই সুবিধা লাভ কৰিব পাৰে।
Assamese | July 15, 2025 11:52 AM | Sikkim
ছিকিমত দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি