ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিষয়টো কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষক সকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। মধ্যপ্ৰদেশৰ ছিহোৰত আজি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে খেতিয়কসকলক বিকশিত কৃষি সংকল্প অভিযান সাফল্যমণ্ডিত কৰাৰ বাবে বিজ্ঞানীসকলৰ কথা শুনিবলৈ আৰু তেওঁলোকৰ পৰামৰ্শ প্ৰয়োগ কৰি কামকাজৰ উন্নয়ন সাধন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৫১ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰা হয়। শ্রী চৌহানে লগতে মধ্যপ্ৰদেশৰ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০১৮ বৰ্ষৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত কৰা দুখীয়া পৰিয়ালৰ বাবে বাসগৃহ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায়। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৯ হেজাৰ ৪১২ কোটি ব্যয়ৰে সাত লাখ ৮৫ হাজাৰ ৩৫৬ টা বাসগৃহ নিৰ্মাণত অনুমোদন জনাইছে।
Assamese | June 7, 2025 8:26 PM | sibraj singh chuhan
ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিষয়টো কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষক সকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি শিৱৰাজ সিং চৌহানৰ প্ৰকাশ