কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিৰোধী দলসমূহক সদনত কৃষি সন্দৰ্ভত আলোচনা কৰাত সহযোগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে সদনত এই বিষয়ত আলোচনা হ’লেহে কৃষকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা কামসমূহ আগবঢ়াই নিব পৰা যাব। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰ সদনত কৃষকসকলৰ বিষয়সমূহ আলোচনা কৰিবলৈ সদায় সাজু আছে। কৃষকসকলৰ কল্যাণৰ বিষয়টোক মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে বুলি তেওঁ লগতে উল্লেখ কৰে ৷
Assamese | March 21, 2025 6:40 PM | sibraj singh chuhan
বিৰোধী দলসমূহক সদনত কৃষি সন্দৰ্ভত আলোচনা কৰাত সহযোগ কৰিবলৈ আহ্বান শিৱৰাজ সিং চৌহানৰ