কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে আজি পঞ্জাৱৰ অমৃতসৰ আৰু গুদাসপুৰ জিলাৰ বানপ্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বান প্ৰভাৱিত লোক আৰু খেতিয়কসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত ৰে’লৱে আৰু খাদ্য সংসাধন উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিটুও উপস্থিত থাকে। অমৃতসৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া দেশ আৰু মানৱতাৰ সেৱাৰ প্ৰয়োজন হয় তেতিয়াই পঞ্জাৱী লোকসকলে সদায়েই আগশাৰীত থিয় দি আহিছে। অথচ পঞ্জাৱ আজি বানৰ ফলত প্রতিকূল পৰিস্থিতিৰ মুখামুখি হৈছে আৰু কেইবাখনো গাঁও বানত প্ৰভাৱিত হোৱাৰ লগতে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। এই প্রতিকূল পৰিস্থিতিত পঞ্জাৱৰ জনসাধাৰণৰ ওচৰত থিয় দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনোৱা বুলিও মন্ত্রী শ্রীচৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি, গ্রামোন্নয়ন, পথ, বিত্ত আৰু শক্তি খণ্ড সমন্বিত দুটা কেন্দ্রীয় দল ইতিমধ্যে পঞ্জাৱত উপস্থিত হৈছে আৰু দল দুটাই বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পূৰ্বে পঞ্জাৱৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই ৰাজ্যখনৰ বান ক্ষতিগ্ৰস্ত পাঁচখন জিলা ক্ৰমে অমৃতসৰ, পাঠানকোট, গুদাসপুৰ, টাৰ্ণ টৰণ আৰু ফিৰোজপুৰৰ বিস্তৃত প্রতিবেদন কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীক দাখিল কৰিছিল৷
Assamese | September 4, 2025 8:39 PM | sibraj singn chuhan
পঞ্জাৱৰ অমৃতসৰ আৰু গুদাসপুৰ জিলাৰ বানপ্ৰৱন অঞ্চল পৰিদৰ্শন শিৱৰাজ সিং চৌহানৰ