জম্মু-কাশ্মীৰৰ শ্ৰীমাতা বৈষ্ণোদেৱীৰ পবিত্র গুহা দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ ২২ জুন পর্যন্ত ৫০ লাখ অতিক্ৰম কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৫০ লাখ ৭০ হাজাৰ ভক্তই এতিয়ালৈকে মাজৰাণীৰ আশীৰ্বাদ বিচাৰি তীর্থযাত্ৰা কৰিছে।
যোৱা বছৰৰ এই একে সময়তে ৩৯ লাখ ৮৪ হাজাৰ ভক্তৰ মাতা বৈষ্ণোদেৱী দৰ্শন কৰাৰ তুলনাত এইবাৰ তীর্থযাত্ৰীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। চলিত বছৰত ১০ লাখ ৮৬ হাজাৰ দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি সামগ্ৰিকভাৱে তীর্থযাত্ৰীৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি কৰাৰ কথা প্ৰতিফলিত কৰিছে।
তীর্থযাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে সমগ্ৰ দেশৰ লগতে বিদেশৰ তীৰ্থযাত্ৰীসকলৰ এই পবিত্ৰ ধৰ্মস্থানৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু আস্থাকে সূচায়। দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ এই আধ্যাত্মিক তীৰ্থস্থানৰ জনপ্ৰিয়তাৰ বাবে মাতা বৈষ্ণোদেৱী যাত্ৰা কৰা ভক্তৰ সংখ্যা বৃদ্ধি হৈছে।
ইপিনে, সমাগত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীসমূহে অমৰনাথ মূল শিবিৰত সৰ্বাত্মক আখাৰা সম্পন্ন কৰে। এই আখাৰাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে মূল শিবিৰৰ চৌহদত নিচিদ্ৰ অভিযান চলায়। এই আখৰাত বিভিন্ন সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ বাবে আৰু সম্ভাব্য যিকোনো নিৰাপত্তামূলক ভাবুকিৰ সময়ত খৰতকীয়া সঁহাৰি নিশ্চিত কৰাৰ অনুশীলন কৰা হয়।