শ্বুটিঙত ৰাষ্ট্ৰীয় ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাই আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। কালি ইটালীৰ লনাট’ত অনুষ্ঠিত শ্বটগান ৱৰ্ল্ড কাপৰ চূড়ান্ত পৰ্যায়ত ট্রেপ ইভেণ্টৰ চূড়ান্ত পৰ্যায়ত চতুর্থ স্থান দখল কৰি নিৰু ধান্দাই ফাইনেলৰ যোগ্যতা লাভ কৰিছে। তেওঁ ৫০ শ্বটৰ ফাইনেলত প্ৰথম ৩৫টা লক্ষ্যৰ ৩০টা লক্ষ্য ভেদ কৰিবলৈ সমৰ্থ হয়। কাইলৈ হ’বলগীয়া প্ৰতিযোগিতাৰ অন্তিম খেলত দুই ভাৰতীয় যুটিয়ে ট্রেপ মিক্সড টীম অলিম্পিক ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব৷
Assamese | July 13, 2025 1:51 PM | shooting niru issf final
শ্বুটিঙত ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাৰ আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন