কাজাখস্তানত চলি থকা এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত মনু ভাকেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। এইবাৰৰ এছিয়ান শ্বুটিং প্রতিযোগিতাত এয়া হৈছে ভাৰতৰ নৱমটো পদক। অৱশ্যে দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতৰ আন দুগৰাকী খেলুৱৈ সুৰুচি সিং আৰু পলকে ফাইনেলত প্ৰৱেশ কৰিবলৈ অসমৰ্থ হয়। মনু ভাকেৰে ২১৯.৭ পইণ্টেৰে তৃতীয় স্থান দখল কৰে । চীনৰ কিয়াং কে মায়ে স্বৰ্ণ আৰু কোৰিয়াৰ ঝিন য়াঙে ৰূপৰ পদক লাভ কৰে।
Assamese | August 20, 2025 1:29 PM | shooter Manu Bhaker
এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত মনু ভাকেৰৰ ব্ৰঞ্জৰ পদক লাভ