শিৰোমণি আকালি দলৰ নেতা বিক্রম সিং মাজিথিয়াক আজি পাঞ্জাবৰ ম’হালিৰ এখন আদালতে সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। মাদক দ্রব্য সৰবৰাহৰ জৰিয়তে ৫৪০ কোটিতকৈও অধিক মূল্য টকাৰ অবৈধ লেনদেন সংক্রান্তত কালি তদাৰকী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰে। অমৃতসৰ আৰু চণ্ডীগড়ত থকা মাজিথিয়াৰ বাসভৱনত ৰাজ্যখনৰ তদাৰকী সংস্থাই তালাচী চলাই পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে চণ্ডীগড়ত আজি এখন সংবাদমেলত তেওঁৰ বাসভৱনৰ পৰা ২৯টা ম’বাইল ফোন, ৮টা লেপটপ আৰু ভালেমান গুৰুত্বপূৰ্ণ নথিপত্র উদ্ধাৰ কৰা হয় বুলি প্ৰকাশ কৰে।
Assamese | June 26, 2025 9:40 PM | shirumoni akali dal bikram shing
শিৰোমণি আকালি দলৰ নেতা বিক্রম সিং মাজিথিয়াক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ