সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ ২০ হাজাৰ বিদ্যালয়ত গছপুলি ৰোপণ কৰা হ‘ব। প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানত ৭৫টাকৈ গছপুলি ৰোপণ কৰা হ‘ব। এই কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰিব। বিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা গছপুলিৰ ফটো এই সম্পৰ্কীয় প’ৰ্টেলত আপলোড কৰিব লাগিব। এই কাৰ্যসূচীৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি ৩০ লাখৰো অধিক গছপুলি বিতৰণ কৰা হৈছে।
Assamese | September 19, 2025 12:52 PM
সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ ২০ হাজাৰ বিদ্যালয়ত গছপুলি ৰোপণ