দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া, সৌৰভ ভৰদ্বাজ আৰু গোপাল ৰাজৰ লগতে বিজেপিৰ নেতা হৰিষ খুৰানা, মনজিন্দৰ সিং ছিৰছা, আশীষ সুদ আৰু কপিল মিশ্ৰাই নিজ নিজ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্র দাখিল কৰে ৷ একেদৰে কংগ্ৰেছ প্ৰাৰ্থী সনদ্বীপ দীক্ষিত আৰু আৰিবা খানেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে বহু কেইগৰাকী প্ৰাৰ্থীয়ে ধৰ্মীয় স্থানলৈ গৈ ভগৱানৰ আশিস লোৱাৰ লগতে ৰোড শ্ব’ত ভাগ লয়। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানীখনত তিনিওটা গুৰুত্বপূৰ্ণ দলে তাৰকা প্ৰচাৰকসকলক লৈ প্ৰচাৰ অভিযানত নামি পৰিছে। আপৰ জ্যেষ্ঠ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি ছিলমপুৰ আৰু ঘোন্দা অঞ্চলত দুটাকৈ ৰোড শ্ব’ত ভাগ লয়। বিজেপিৰ অৰ্জুন ৰাম মেঘৱাল, ভাগীৰথ চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, মনোজ তিৱাৰী আৰু ৰবি কিষাণকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই বিভিন্ন সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলক সংগ দিয়ে। একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে নতুন দিল্লীত সংবাদ মেলৰ আয়োজন কৰি কংগ্ৰেছ দল পুনৰ শাসনলৈ আহিলে ৫০০ টকাত গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
Assamese | January 16, 2025 8:42 PM | BJP & Congress file nominations | Several prominent candidates of AAP
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপ-বিজেপি-কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল