ভাৰতে নেফিথ্ৰমাইচিন নামৰ থলুৱা এণ্টিবায়টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড০ সিঙে কয়, যে এই এণ্টিবায়’টিকবিধ প্ৰতিৰোধী শ্বাস-প্রশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰোগীৰ ক্ষেত্ৰত অতিকে ফলপ্রসূ। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশে বৈজ্ঞানিক আৰু গৱেষণাৰ বিকাশৰ বাবে আত্ম-নিৰ্ভৰতন্ত্র বিকশাই তুলিব লাগিব। কৃত্রিম বুদ্ধিমত্তা আধাৰিত হাইব্রিড ভ্রাম্যমান চিকিৎসালয়সমূহে গ্ৰাম্য আৰু দূৰণিবটীয়া সেৱা প্ৰদান কৰি সকলোৰে বাবে গুণগত স্বাস্থ্য সুনিশ্চিত কৰা বুলি ড০ সিঙে মন্তব্য কৰে। তেওঁ কয়, যে উদ্ভাৱন, সমন্বয় আৰু কৰুণাৰ সংমিশ্রণে দেশক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিব।
Assamese | October 18, 2025 9:38 PM | Science and Technology Minister Dr. Jitendra Singh
ভাৰতে নেফিথ্ৰমাইচিন নামৰ থলুৱা এণ্টিবায়টিক বিকশাই তুলিছেঃ ড০ জিতেন্দ্র সিং