কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান আৰম্ভ হ’ব। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই জাৰি কৰা নিৰ্দেশনা প্রত্যাহাৰ কৰিছে। নির্দেশনাত শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰি বিদ্যালয়সমূহ আৰম্ভ হ’ব বুলি উল্লেখ কৰা হৈছে।
Assamese | June 3, 2024 8:05 PM | school timing
কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত পাঠদান আৰম্ভ