শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন ডেৰ কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২ৰ পৰা ৩ কিলোগ্ৰামৰ ভিতৰত বা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে চাৰে চাৰি কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক ৫ কিলোগ্রাম নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে, এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও পৰিদৰ্শক ৬০ বৰাই জানিবলৈ দিয়ে।
Assamese | June 11, 2026 9:48 PM | School Beg weight sivsagar
শিৱসাগৰত শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ নিৰ্দেশনা জাৰি জিলা শিক্ষা বিভাগৰ