July 7, 2025 7:53 PM | Saraighat bridge

printer

অহা ছেপ্তেম্বৰত শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ কাম আৰম্ভ

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ কাম অহা ছেপ্তেম্বৰত আৰম্ভ হ’ব। দুখলপীয়া ৰে’লৰ দলংখনত দ্বৈত ৰে’লপথ আৰু তিনিটা লেনযুক্ত পথ থাকিব। ৰে’ল বিভাগে ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই কাম সম্পাত হোৱাৰ পাছতে দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্রকাশ কৰে।

২০২৯ চনৰ ডিচেম্বৰত এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আজ্ঞাঠুৰি আৰু কামাখ্যা সংযোগী এই ৰে’ল দলংখনৰ নিৰ্মাণৰ ব্যয় এহেজাৰ ৪৭৭ কোটি টকা ধাৰ্য কৰা হৈছে বুলি তেওঁ কয়। ১ দশমিক ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ১২টা খুঁটাযুক্ত দলংখন মুকলি হ’লে ৰাজ্যৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত থকা অসুবিধা দূৰ হ’ব বুলি শ্ৰীশৰ্মাই আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।