বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত থকা কৃষ্ণগুৰু সেৱাশ্ৰমত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একনাম অখণ্ড পালনামৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰে। আজি দুপৰীয়া সেৱাশ্ৰমখনত উপস্থিত হৈ শ্ৰীসোণোৱালে গুৰুলৈ ৰীতি অনুসাৰে শ্ৰদ্ধা জনোৱাৰ উপৰি উপাসনা গৃহত অনুষ্ঠিত প্ৰাৰ্থনাত ভাগ লয়। তাৰ পাছতে তেওঁ ধর্মালোচনী সভাত অংশগ্ৰহণ কৰি কয়, যে মানুহে মানুহৰ বাবে কাম কৰিব লাগে। নিষ্ঠাৰে জীৱন নিৰ্বাহ কৰিবৰ বাবে সাধনাৰ প্ৰয়োজন আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এজন মানুহৰ নিষ্ঠা, সততাই বৃহত্তৰ সমাজ এখনক শক্তিশালী কৰি তোলে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিল্লীবাসীয়ে বিশ্বাস আৰু আস্থাৰে গ্ৰহণ কৰা বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত বিজেপিয়ে নির্বাচনত অভূতপূর্ব সফলতা লাভ কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
Assamese | February 8, 2025 8:43 PM | sarbananda sonowal nasatra sarthebari
সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ