কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। সম্প্ৰতি সংস্থাটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সোণোৱালে কালি গুৱাহাটীৰ আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পত থকা অসম অলিম্পিক সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ত এই পদৰ একমাত্র প্রার্থী হিচাপে মনোনয়ন পত্র দাখিল কৰে। তেওঁৰ হৈ চৰাইদেউ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক হীৰেণ গগৈয়ে এই মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ মনোনয়নৰ বৈধতা পৰীক্ষা কৰাৰ লগতে আটাইবোৰ পদৰ বৈধ প্রার্থীৰ তালিকা ঘোষণা কৰা হ’ব। অহা ৯ ছেপ্তেম্বৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰাৰ লগতে ১০ তাৰিখে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ঘোষণা কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত ২২ ছেপ্তেম্বৰৰ দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ সন্থাৰ ডিব্ৰুগড় জিলা কাৰ্যালয়ত ভোটগ্ৰহণ কৰাৰ পাছত একেদিনাই বিয়লি ৪ বজাৰ পৰা ভোট গণনা কৰা হ’ব বুলি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনটোলৈ উপ-সভাপতি পদৰ বাবে ১৫ গৰাকী, জ্যেষ্ঠ উপ- সভাপতি পদৰ বাবে ৫ গৰাকী, যুটীয়া সম্পাদকৰ বাবে ১৬ গৰাকী সহকাৰী সম্পাদকৰ বাবে ১২ গৰাকী আৰু কাৰ্যনিৰ্বাহক সদস্য পদৰ বাবে ৯গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। এইসকলৰ মাজত যুটীয়া সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী মহিলা প্রার্থীও আছে।
Assamese | September 6, 2024 1:21 PM | Sarbananda Sonowal
অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদৰ বাবে মনোনয়ন পত্র দাখিল সৰ্বানন্দ সোণোৱালৰ