ক্রীড়া এতিয়া কেৱল এক অতিৰিক্ত কার্যকলাপ নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বপূর্ণ স্তম্ভ- অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কালি নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰি এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ ক্ৰীড়াক্ষেত্ৰক আগবঢ়াই নিয়াত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো প্ৰান্তত খেলৰ বাতাৱৰণ সৃষ্টি কৰাৰ পোষকতা কৰে। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ পুৰস্কাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বছৰৰ শ্ৰেষ্ঠ ক্রীড়াবিদ, জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা আৰু বছৰৰ উদীয়মান ক্রীড়া প্রতিভা বঁটাকে ধৰি পোনপ্ৰথমবাৰৰ বাবে তিনিটা ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত ৫, ৩ আৰু ২ লাখ টকাৰ পুৰস্কাৰ থাকিব। অর্জুন মনালিছা বৰুৱা, অভিজিত ভট্টাচার্যকে ধৰি তিনিগৰাকী খেলুৱৈৰে গঠিত এখন সমিতিয়ে শ্রেষ্ঠ খেলুৱৈসকলক বাছনি কৰিব। অহা ৩ ছেপ্তেম্বৰত শিৱসাগৰত এই কাৰ্যসূচী আয়োজিত হ’ব বুলি শ্ৰীসোণোৱালে সদৰি কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা।
Assamese | July 7, 2025 1:46 PM | sarbananda olympics award bhogeswar barua
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটা ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদানৰ সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ