লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলা ভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইপিনে কালি জিলাখনৰ নিৰ্মালী গাঁৱত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ড০ ভূপেন হাজৰিকাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰে নিৰ্মাণ কৰা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিয়ে অসমৰ কলা-সংস্কৃতিৰ উত্তৰণৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিভিন্ন বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে।
Assamese | November 8, 2025 1:19 PM | sarbananda dibrugarh
লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত ভিন্ন কাৰ্যসূচী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ