কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে সামুদ্রিক অমৃত কাল ভিজন ২০৪৭ত কল্পনা কৰা সামগ্রিক বিকাশৰ দিশত সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব। কালি নতুন দিল্লীত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি শ্ৰী সোণোৱালে তেওঁৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰি তেওঁৰ দলটোক ভাল কাম কৰাৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। শ্ৰী সোণোৱালে লগতে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ে সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ দিশত আৰু অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ লক্ষ্য পূৰণৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। তেওঁৰ মন্ত্ৰ্যালয়ে বিকশিত ভাৰতৰ চূড়ান্ত লক্ষ্যপ্ৰাপ্তিৰ এই যাত্ৰাত ৰাষ্ট্ৰ প্ৰথম মন্ত্ৰেৰে নিজকে প্ৰতিশ্রুতিবদ্ধ কৰি যাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | June 11, 2024 9:10 PM | sarbananda cabinet minister
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে সামুদ্রিক অমৃত কাল ভিজন ২০৪৭ত সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল