শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনাও যোৰহাটৰ ম’হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ লোকাৰণ্য হৈ পৰে। আজি পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই সংঘৰ মূল পতাকা উত্তোলন কৰে। ইয়াৰ লগতে ৩৫ খন জিলা শাখাৰ পতাকাও উত্তোলন কৰা হয়। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অসমৰ জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত হয়। শোভাযাত্ৰাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্রাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। শোভাযাত্রাত প্রায় ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰা হয়। ইয়াৰ পাছতে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
Assamese | February 8, 2025 8:49 PM | sankar sangha today jorhat
শংকৰদেৱ সংঘৰ অধিৱেশনথলী লোকাৰণ্য, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিকৰ