ন্যায়াধীশ সঞ্জীৱ খান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব। আইনমন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সামাজিক মাধ্যম যোগে কৈছে যে, ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে আলাপ আলোচনাৰ অন্তত ন্যায়াধীশ খান্নাক ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ন্যায়াধীশ খান্না দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব আৰু তেওঁ অহা বছৰ ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব । ন্যায়াধীশ খান্নাই ২০১৯ চনৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সময়চোৱাত তেওঁ সর্বোচ্চ ন্যায়ালয়ৰ বিভিন্ন সাংবিধানিক বিচাৰ পীঠত কাম কৰিছে আৰু ভালেমান গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ন্যায়াধীশগৰাকীৰ ৰায়দানত ব্যক্তিগত স্বাধীনতাৰ প্ৰাধান্য আৰু শক্তিশালী গণতান্ত্রিক অংশগ্রহণ প্ৰক্ৰিয়াই গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰডুড়ে ২০২২ চনৰ ৯ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ অহা ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।
Assamese | October 25, 2024 6:39 PM | Sanjib khanna
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না