দিল্লী, মুম্বাই আৰু চেন্নাইত সংগীত সমাৰোহেৰে ৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন কালি আৰম্ভ হৈছে। প্ৰচাৰ ভাৰতীয়ে সংস্কৃতি মন্ত্ৰ্যালয়ৰ সহযোগত এই সম্মিলনৰ আয়োজন কৰিছে। নতুন দিল্লীৰ আকাশবাণী ৰং ভৱনত বাঁহীবাদক পণ্ডিত ৰাকেশ চৌৰাছিয়া আৰু মাৰাঠী লোকশিল্পী নন্দেছ উমাপ আৰু তেওঁৰ দলে আকর্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ ছেহগাল আৰু আকাশবাণীৰ সঞ্চালক প্রধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। দেশৰ মুঠ ২৪ খন চহৰত আকাশবাণী সংগীত সম্মিলন অনুষ্ঠিত কৰা হ‘ব। মাহজোৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে হিন্দুস্তানী, কার্নেটিক, লঘু আৰু লোকসংগীত পৰিৱেশন কৰিব। জনসাধাৰণে বিনামূলীয়াকৈ সংগীত সম্মিলনৰ সকলোবোৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব।
Assamese | November 3, 2025 12:56 PM | Music Festival
৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন আৰম্ভ