July 13, 2024 8:48 PM | Sampurana abhijan

printer

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে ৰাজ্যৰ জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।