ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱাত ৰাজ্যবাসী যথেষ্ট আনন্দিত হৈছে। বিশিষ্ট কবি সমীৰ তাঁতী, সংস্কৃত ভাষাৰ বাবে দীপক কুমাৰ শৰ্মা আৰু বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে কালি নতুন দিল্লীত ঘোষণা কৰা ২১টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক আৰু চৌৰণি থাকাই অৰ্থাৎ কাৰ বাবে উপন্যাসখনৰ বাবে অৰণ ৰাজাক আৰু সংস্কৃত ভাষাৰ কাব্যগ্রন্থ ভাস্কৰচৰিতম বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক দীপক কুমাৰ শৰ্মাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। হাউবাম সত্যৱতী দেৱীক তেওঁৰ কাব্য সংকলনৰ বাবে মণিপুৰী ভাষাত এই বছৰৰ সাহিত্য একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
Assamese | December 19, 2024 12:46 PM | sahitya acadami
ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা