বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱা ঘটনা সন্দৰ্ভত কুৱেইটৰ বিদেশ মন্ত্রী আব্দুল্লা আলী আল-য়াহয়াৰ সৈতে আলোচনা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কুৱেইট কৰ্তৃপক্ষই কৰা প্ৰচেষ্টাৰ বিষয়ে অৱগত হোৱা বুলি প্ৰকাশ কৰিছে । তেওঁ ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব বুলিও আশ্বাস প্রদান কৰিছে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে বিদেশ ৰাজ্য মন্ত্ৰীগৰাকী আজি কুৱেইটত উপস্থিত হোৱাৰ পাছতে পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হ’ব।
Assamese | June 13, 2024 12:10 PM | s jaysankar on kuwait fire
বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ কুৱেইটত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত দেশখনৰ বিদেশ মন্ত্রীৰ সৈতে আলোচনা