ভাৰতৰ ৰোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটিটো আজি বিয়লি জার্মানীত অনুষ্ঠিত হেমবার্গ অ’পেন টেনিছ প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মার্ক ৱালনাৰৰ যুটিটোৰ মুখামুখি হ’ব। পেৰিছ অলিম্পিকৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ এই প্ৰতিযোগিতাখন ভাৰতীয় যুটিটোৰ বাবে সুবর্ণ সুযোগ হিচাপে বিবেচিত হৈছে। ইপিনে, প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ৰ এখন খেলত আজি ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেদুনচেজিয়ানৰ যুটিটো জাৰ্মানীৰ টিম পুটজ আৰু কেভিন ক্রাৱিটজৰ যুটিটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | July 18, 2024 12:52 PM | N. Sriram Balaji will face Jakob Schnaitter and Mark Wallner | Rohan Bopanna
জার্মানীত অনুষ্ঠিত হেমবার্গ অ’পেন টেনিছত আজি ৰোহন বোপন্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটি জেকব স্নাইটাৰ আৰু মার্ক ৱালনাৰ যুটিৰ মুখামুখি