চত্তিশগড়ত কালি সংঘটিত দুর্ভাগ্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাৰ বাহপানী গাঁওৰ সমীপৰ খাৱৈত এখন বাহনে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ ২৫ জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পাত চিঙি নিজৰ গাঁও অভিমুখে গৈ আছিল। দুৰ্ঘটনাত ১৩ গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত তথা চিকিৎসালয়ত ভৰ্তি কৰোৱা অন্য ১২ গৰাকী লোকৰ ভিতৰত ৬ গৰাকীৰ পাছত মৃত্যু হয়। ঘটনাত মৃত্যু হোৱা ১৯ গৰাকী লোকৰ ভিতৰত ১৮ গৰাকী মহিলা।
Assamese | May 21, 2024 11:35 AM | road accident in Chhattisgarh
চত্তিশগড়ত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি