January 16, 2026 12:28 PM | Republic Day

printer

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্রতীকপটত ধুবুৰীৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন

অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্যপথত হ‘বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল‘বলগীয়া অসমৰ প্রতীকপটযোগে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ‘ব। চৰকাৰী সুত্ৰই প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্রতীকপটৰ জৰিয়তে আশাৰীকান্দি শিল্পীসকলৰ দৈনন্দিন জীবন, তেওঁলোকৰ আহিলাপাতি কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰীৰ লগতে ৰাজ্যৰ গ্রামাঞ্চলৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহ প্রদৰ্শন কৰা হ‘ব। এই প্রতীকপটৰ বাবে আনুমানিক ৪৫ৰ পৰা ৫০ লাখ টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ধুবুৰীৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত আশাৰীকান্দি নামৰ সৰু গাঁওখন মৃৎ শিল্পৰ বাবে বিখ্যাত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।