চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় ১ কোটি ৭৯ লাখ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ২০ লাখৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্র্যালয়ে লগতে প্রকাশ কৰিছে যে, দেশৰ বিভিন্ন ৰাজ্যৰ ৭৫৬ খন জিলাত সক্রিয়ভাৱে সজাগতামূলক অভিযান চলোৱাৰ লগতে জনসাধাৰণক পৰিপুষ্টি সন্দৰ্ভত অৱগত কৰোৱা হৈছে। উল্লেখযোগ্য যে, যোৱা ১ ছেপ্তেম্বৰত আৰম্ভ হোৱা এই পোষণ মাহৰ ৩০ ছেপ্তেম্বৰত অন্ত পৰিব। গুজৰাটৰ পৰা এই এমহীয়া অভিয়ান আৰম্ভ কৰা হৈছিল। এই অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে এনিমিয়া, সন্তুলিক বিকাশ, পৰিপূৰক আহাৰ আদিকে ধৰি পোষণ ভি পঢ়াই ভি কাৰ্যসূচীৰ লগতে উন্নত প্ৰশাসনৰ বাবে প্রযুক্তি আদি বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি এই অভিযানৰ জৰিয়তে এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত পৰিৱেশ সংৰক্ষণৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হৈছে।
Assamese | September 9, 2024 11:38 AM | Rashtriya Poshan Maha reports 1 79 Cr activities so far Ministry
দেশত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে বৰ্তমানলৈকে ১.৭৯ কোটি কাৰ্যসূচী ৰূপায়ণ