শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, শক্তিকেন্দ্ৰৰ আহ্বায়ক আৰু বুথ পৰ্যায়ৰ সভাপতি-সম্পাদকসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে এখন বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত মন্ত্ৰীগৰাকীয়ে সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি অহা ২৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত কাৰ্যসূচী সকলো বুথতে প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। ডাঃ পেগুৱে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় সন্দৰ্ভতো ধেমাজিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠকত ভার্চুৱেল ব্যৱস্থাৰে অংশ লয়। জিলাখনত ইতিমধ্যে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ৰ সমিতিসমূহে এই আঁচনিৰ বাবে ৯০ হাজাৰ ৫২৩ টা পৰিয়াল চিনাক্ত কৰিছে।
Assamese | February 21, 2025 6:59 PM | Ranuj pegu
ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়াৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক