যোৰহাট আৱৰ্ত ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ শিক্ষা বিভাগৰ বিষয়াৰে পৰ্যালোচনা বৈঠক

যোৰহাট আৱৰ্ত ভৱনত যোৱানিশা শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ সভাপতিত্বত হোৱা পৰ্যালোচনা বৈঠকত জিলাখনৰ বিদ্যালয়সমূহত বানৰ ফলত হোৱা প্ৰভাৱৰ মূল্যায়ন কৰা হয়।

শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰী ডা০ পেগুৱে জিলাখনৰ বান ক্ষতিগ্রস্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক তথ্যভিত্তিক প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

এই প্ৰতিবেদনৰ ভিত্তিতেই বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰৰ কাম-কাজ ক্ষীপ্ৰতাৰে কৰা হ’ব। এই বৈঠকতে শিক্ষামন্ত্রীয়ে প্ৰয়োজন অনুসৰি বিদ্যালয়সমূহত শিক্ষক নিযুক্তি সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগক নির্দেশ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।