খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাত ৰাজ্যত উৎপাদিত ধানৰ পৰা সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ কৰা হয়। তেওঁ বঙাইগাঁৱৰ অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ ভঁৰালগৃহ চৌহদত বিকেন্দ্রীকৃত শস্য সংগ্রহ কেন্দ্র মুকলি কৰে। এতিয়াৰে পৰা জিলাখনত কৃষকসকলৰ পৰা উপযুক্ত মূল্যত ক্রয় কৰা চাউল এই কেন্দ্রটোত মজুত কৰি ৰখা হ‘ব। পৰৱৰ্তী সময়ত ইয়াৰ পৰাই স্থানীয় পাইকাৰী, গ্রাহক সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানসমূহক যোগান ধৰা হ‘ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ প্রচেষ্টাত ৰেচন কার্ড থকা ৮৬ শতাংশ ৰাইজক ৰাজ্যত উৎপাদিত চাউল সুলভ মূল্যত বিতৰণ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে স্থানীয় কৃষকৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰা উৎপাদন কৰা চাউল সুলভ মূল্যৰ দোকানত যোগান ধৰি ৰেচন কার্ডৰ জৰিয়তে হিতাধিকাৰীৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পিছত পর্যায়ক্রমে অসমৰ আন ১০ খন জিলাত এই প্রক্রিয়া আৰম্ভ কৰা হ‘ব।
Assamese | July 22, 2024 6:59 PM | Ranjit das
বঙাইগাঁও আৰু বিশ্বনাথ জিলাত আজি সুলভ মূল্যৰ দোকানত চাউল বিতৰণ প্রক্রিয়াৰ শুভাৰম্ভ