অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি তেজপুৰত প্ৰকাশ কৰে। তেওঁ কয়, যে কৰ কাটল নিদিয়াকৈ গ্ৰামাঞ্চলত ক্ষুদ্র কৃষকৰ লগতে দুগ্ধ পামৰ সৈতে জড়িতসকলে গ্ৰামাঞ্চলৰ বজাৰত নিজৰ উৎপাদিত সামগ্রী বিক্রি কৰিব পাৰিব। তদুপৰি গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক দিশটো উন্নত কৰিবলৈ অৰাজনৈতিকভাৱে পঞ্চায়ত গঠনত তেওঁ গুৰুত্ব আৰোপ কৰে। কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব আৰু দলীয় প্রতীকচিহ্ন অবিহনে হ‘বলগীয়া পঞ্চায়ত নিৰ্বাচনত যোগ্য ব্যক্তিক নির্বাচিত কৰিবলৈ তেওঁ আহ্বান জনায়। গাঁও অঞ্চলৰ হাট-বজাৰ, দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ নিবিদাৰ ক্ষেত্ৰত ঘটোৱা বিশেষ সংশোধনীৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, দুই-এদিনৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ‘ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | April 2, 2025 1:31 PM | Ranjit das
অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি ৰণজিৎ কুমাৰ দাসৰ প্ৰকাশ