December 18, 2024 8:36 PM | Ranjit das

printer

বঙাইগাঁওৰ অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ডায়েলেছিছ কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন

ৰাজ্যত ২০১৯ চনৰ পৰা মুঠ ২৫ হাজাৰ ২৪৭গৰাকী বৃক্ক ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলেছিছৰ সুবিধা লাভ কৰিছে। এই ৰোগীসকলক বৰ্তমানলৈকে ৭ লাখ ৪৫ হাজাৰৰো অধিক বাৰ ডায়েলেছিছ কৰা হৈছে। চৰকাৰে বৰ্ধিত ডায়েলেছিছ ৰোগীৰ সংখ্যালৈ চাই বিভিন্ন অসামৰিক চিকিৎসালয়ত ডায়েলেছিছ সেৱাও আৰম্ভ কৰিছে। বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত এপল‘ মেনেজমেণ্টৰ সহযোগত স্থাপন কৰা এটা ডায়েলেছিছ কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। এই কেন্দ্ৰটোত প্ৰতি দিন ৯ গৰাকীকে ব্যক্তিয়ে ডায়েলেছিছ কৰিব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।